প্লাষ্টিক প্ৰদূষণ, এক ভয়াবহ চিন্তন
বিশ্ব সভ্যতাৰ ইতিহাসত প্লাষ্টিকৰ আবিষ্কাৰক এক যুগান্তকাৰী আবিস্কাৰ বুলি গণ্য কৰা হয়। বিংশ শতিকাৰ আৰম্ভণিতে আবিষ্কৃত এই কৃত্ৰিম পদাৰ্থই অতি কম সময়ৰ ভিতৰতে মানৱ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে প্ৰৱেশ কৰিছে। খাদ্য সংৰক্ষণৰ পৰা আৰম্ভ কৰি চিকিৎসা, পৰিবহণ, নিৰ্মাণ, প্ৰযুক্তি আদি সকলো ক্ষেত্ৰতেই প্লাষ্টিক অপৰিহাৰ্য বস্তু হৈ পৰিছে। মানৱ জীৱনত অপৰিহাৰ্য হৈ পৰা এই পদাৰ্থবিধে আজি পৃথিৱীৰ বাবে এক গভীৰ পাৰিবেশিক সংকটৰ ৰূপ লৈছে। প্লাষ্টিক প্ৰদূষণ বৰ্তমান বিশ্বজুৰি এক অন্যতম গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈছে,