
বিশ্ব সভ্যতাৰ ইতিহাসত প্লাষ্টিকৰ আবিষ্কাৰক এক যুগান্তকাৰী আবিস্কাৰ বুলি গণ্য কৰা হয়। বিংশ শতিকাৰ আৰম্ভণিতে আবিষ্কৃত এই কৃত্ৰিম পদাৰ্থই অতি কম সময়ৰ ভিতৰতে মানৱ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে প্ৰৱেশ কৰিছে। খাদ্য সংৰক্ষণৰ পৰা আৰম্ভ কৰি চিকিৎসা, পৰিবহণ, নিৰ্মাণ, প্ৰযুক্তি আদি সকলো ক্ষেত্ৰতেই প্লাষ্টিক অপৰিহাৰ্য বস্তু হৈ পৰিছে। মানৱ জীৱনত অপৰিহাৰ্য হৈ পৰা এই পদাৰ্থবিধে আজি পৃথিৱীৰ বাবে এক গভীৰ পাৰিবেশিক সংকটৰ ৰূপ লৈছে। প্লাষ্টিক প্ৰদূষণ বৰ্তমান বিশ্বজুৰি এক অন্যতম গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈছে, যাৰ প্ৰভাৱ কেৱল পৰিবেশতেই সীমাবদ্ধ নাথাকি ই মানৱ স্বাস্থ্য, অৰ্থনীতি আৰু জীৱন-ব্যৱস্থাকো প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে।
প্লাষ্টিক প্ৰদূষণ বুলিলে সেই পৰিস্থিতিক বুজোৱা হয়, য’ত ব্যৱহৃত প্লাষ্টিক সামগ্ৰী সঠিকভাৱে নিষ্কাশন বা পুনঃব্যৱহাৰ নোহোৱাৰ ফলত মাটি, পানী আৰু বায়ুত সঞ্চিত হৈ পৰিবেশৰ স্বাভাৱিক ভাৰসাম্য নষ্ট কৰে। প্লাষ্টিকৰ অন্যতম ভয়াবহ দিশ হ’ল ই জৈৱিক উপাদানসমূহৰ দৰে সহজে পচি নাযায়। বৈজ্ঞানিকসকলৰ অধ্যয়নৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে সাধাৰণ প্লাষ্টিক বেগ বা বটল সম্পূৰ্ণৰূপে ভাঙি যাবলৈ ৪০০ৰ পৰা ১০০০ বছৰ পৰ্যন্ত সময় ল’ব পাৰে।
মানুহৰ অধিক সুবিধাজনক জীৱনধাৰা, সহজ উপভোগ আৰু অস্থায়ী প্ৰয়োজন পূৰণৰ মানসিকতাই প্লাষ্টিকক মানৱ সমাজৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। কিন্তু এই পদাৰ্থবিধ আজি পৃথিৱীৰ সমগ্ৰ জীৱ আৰু প্ৰাণীকুলৰ ঘাটকৰূপে পৰিগণিত হৈছে। প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা এতিয়া কেৱল ভৱিষ্যতৰ বাবে আশংকা নমাই অনাই নহয় সমগ্ৰ বিশ্বৰ পৰিবেশ আৰু জনস্বাস্থ্যৰ ওপৰত গভীৰ আঘাত হানিছে।
আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংস্থাসমূহৰ মতে, বৰ্তমানলৈকে সমগ্ৰ বিশ্বত প্ৰায় ৯ বিলিয়ন টনতকৈ অধিক প্লাষ্টিক উৎপাদন হৈছে। ইয়াৰ ভিতৰত প্ৰায় ৭ বিলিয়ন টন প্লাষ্টিক এতিয়াও পৃথিৱীত উপস্থিত আছে, কিয়নো এইবিলাক সহজে নষ্ট নহয়। এই বিশাল পৰিমাণৰ প্লাষ্টিকৰ প্ৰায় ৮০ শতাংশই মাটি, নদী, সাগৰ আৰু আমাৰ পৰিবেশত জমা হৈছে। প্ৰতি বছৰে প্ৰায় ৮ৰ পৰা ১০ মিলিয়ন টন প্লাষ্টিক সাগৰত প্ৰৱেশ কৰে, যাৰ ফলত সাগৰীয় পৰিবেশ এক অপূৰণীয় ক্ষতিৰ মুখামুখি হৈছে। গৱেষণাৰ জৰিয়তে এটা আচৰিত তথ্য পোহৰলৈ আহিছে যে প্ৰশান্ত মহাসাগৰত সৃষ্টি হোৱা “গ্ৰেট পেচিফিক গাৰ্বেজ পেচ” নামৰ প্লাষ্টিক আৱৰ্জনাৰ স্তূপৰ আকাৰ কেইবাখনো দেশৰ সমান। এই প্লাষ্টিক আৱৰ্জনাই জলজ জীৱন ধ্বংস কৰিছে। বিশ্বজুৰি প্ৰায় ১০ লাখৰো অধিক সাগৰীয় পক্ষী আৰু লক্ষ লক্ষ জলজ প্ৰাণী প্ৰতিবছৰে প্লাষ্টিকৰ বাবে মৃত্যু মুখত পৰে বুলি তথ্য পোৱা যায়। বহু তিমি,কাছ আৰু অনান্য সাগৰীয় প্ৰাণীৰ পেটত প্লাষ্টিক বেগ, বটল আৰু প্লাষ্টিক পেকেট উদ্ধাৰ হৈছে, যাৰ ফলত সিহঁতৰ মৃত্যু ঘটিছে।
আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ তথ্য অনুসৰি প্ৰতিবছৰে বিশ্বত প্ৰায় ৪০০ মিলিয়ন টনৰো অধিক প্লাষ্টিক উৎপাদন কৰা হয়। ইয়াৰ প্ৰায় অর্ধেকেই এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰী। উদ্বেগজনক কথাটো হ’ল যে এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ ভিতৰত কেৱল প্ৰায় ৯–১০ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়। বাকী অংশ ডাম্পিং গ্ৰাউণ্ড, খোলা মাটি, নদী অথবা সাগৰত গৈ জমা হয়। প্ৰতি বছৰে যদি এনেদৰে মিলিয়ন মিলিয়ন টন প্লাষ্টিক সাগৰত প্ৰৱেশ কৰি থাকে তেনেহ'লে কেইটামান দশকৰ ভিতৰত সাগৰত মাছতকৈ অধিক প্লাষ্টিক থাকিব বুলি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে। ইয়াৰ বাবে কেৱল আমাৰ পৰিবেশৰে ক্ষতি নহয়; ই বিশ্বৰ মৎস্য উদ্যোগ, খাদ্য শৃংখল আৰু অৰ্থনীতিতো গভীৰ প্ৰভাৱ পেলাইছে।
প্লাষ্টিকৰ ভয়াবহতাৰ আটাইতকৈ বিপদজনক দিশটো হ’ল মাইক্ৰ’প্লাষ্টিক (Micro plastic)। ডাঙৰ প্লাষ্টিক সামগ্ৰী সময়ৰ সৈতে ভাঙি সৰু সৰু কণাত পৰিণত হয়, যিবোৰ খালী চকুৰে দেখা নাযায় কিন্তু পৰিবেশত সৰ্বব্যাপী হৈ পৰে। বিজ্ঞানীসকলৰ অধ্যয়নত এটা কথা পোহৰলৈ আহিছে যে বৰ্তমান মানুহে বছৰি গড়ে প্ৰায় ৫০ হাজাৰ মাইক্ৰ’প্লাষ্টিক কণা খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত গ্ৰহণ কৰিছে। সাম্প্ৰতিক গৱেষণাত মানুহৰ ৰক্ত, হাওঁফাওঁ আৰু মাতৃদুগ্ধতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। ইয়াৰ ফলত হৰমনীয় অসন্তুলন, সন্তান জন্মৰ সমস্যাৰ লগতে দীৰ্ঘম্যাদীভাৱে কেঞ্চাৰ আৰু স্নায়ুতন্ত্ৰজনিত ৰোগৰ আশংকা বৃদ্ধি পাইছে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰিছে।
বিশ্বৰ অনান্য দেশবোৰৰ লগতে ভাৰতো এই বিশ্বব্যাপী সংকটৰ পৰা ব্যতিক্ৰম নহয়। ভাৰত বৰ্তমান বিশ্বৰ অন্যতম বৃহৎ প্লাষ্টিক উৎপাদনকাৰী দেশ। ভাৰতীয়সকলে বছৰি জনমুৰি হিচাপত প্ৰায় ২.৮ কিঃগ্ৰাঃ প্লাষ্টিক খৰছ কৰে। দেশখনত প্ৰতিবছৰে প্ৰায় ২০–২৫ মিলিয়ন টনৰো অধিক প্লাষ্টিক আৱৰ্জনা উৎপন্ন হয় বুলি বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত এক বৃহৎ অংশ সঠিকভাৱে সংগ্ৰহ আৰু পুনঃব্যৱহাৰ নোহোৱাৰ ফলত নদী আৰু মাটিত জমা হয়। ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, গোদাৱৰী আদি বৃহৎ নদীসমূহ এতিয়া প্লাষ্টিক আৱৰ্জনাৰ বাহক হৈ সাগৰলৈ গৈছে। ইয়াৰ ফলত ভাৰতীয় উপকূল আৰু সাগৰীয় জীৱন তীব্ৰ সংকটৰ সন্মুখীন হৈছে।
অসমৰ ক্ষেত্ৰত প্লাষ্টিক প্ৰদূষণৰ বাস্তৱতা আৰু অধিক সংবেদনশীল। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ শতাধিক উপনদী অসমৰ জীৱন-ৰেখা। কিন্তু সাম্প্ৰতিক বছৰসমূহত এই নদীসমূহত প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। নগৰীয়া এলেকাৰ লগতে গ্ৰাম্য বজাৰ, হাট-বজাৰ আৰু ধৰ্মীয় সমাৱেশস্থলসমূহত ব্যৱহৃত প্লাষ্টিক বেগ আৰু এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰী প্ৰায়ে নদীত গৈ শেষ হয়। বানপানীৰ সময়ত এই প্লাষ্টিক আৱৰ্জনাই নলা-নৰ্দমা আৰু নদীৰ প্ৰবাহ বাধাগ্ৰস্ত কৰে, যাৰ ফলত বানৰ তীব্ৰতা বৃদ্ধি পায়। বহু বিশেষজ্ঞৰ মতে, অসমত বানৰ ক্ষয়ক্ষতি বৃদ্ধি পোৱাৰ এটা কাৰণ হৈছে প্লাষ্টিক আৱৰ্জনাৰ দ্বাৰা সৃষ্টি হোৱা পানী নিষ্কাশনত বাধা।
গ্ৰাম্য অসমত গৰু, ছাগলী আৰু আন পশুৱে পথৰ কাষত পেলাই দিয়া প্লাষ্টিক খাই অসুখীয়া হোৱা বা মৃত্যু হোৱা ঘটনাও বৃদ্ধি পাইছে। পশুচিকিৎসকসকলৰ মতে, বহু গৰুৰ পেটৰ ভিতৰত কেইবা কিলোগ্ৰাম প্লাষ্টিক জমা থকা অৱস্থাত উদ্ধাৰ হৈছে। কৃষিভূমিত প্লাষ্টিক আৱৰ্জনাই মাটিৰ উৰ্বৰতা নষ্ট কৰে, পানী ধাৰণ ক্ষমতা কমাই দিয়ে আৰু বিভিন্ন ধৰনৰ শস্য, শাক-পাচলি আদি উৎপাদনত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ ফলত অসমৰ কৃষিভিত্তিক অৰ্থনীতি ভাবুকিৰ সন্মুখীন হৈছে।
এই ভয়াবহ বাস্তৱতাৰ পৰিপ্ৰেক্ষিতত অসমে এক সুসংগঠিত আৰু বৈজ্ঞানিক ব্যৱস্থাপনা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। কেৱল নিষেধাজ্ঞা ঘোষণা কৰিলেই সমস্যাৰ সমাধান নহ’ব। প্ৰথমে ৰাজ্যজুৰি কঠোৰভাৱে আৱৰ্জনা ব্যৱস্থাপনা শক্তিশালী কৰিব লাগিব। প্ৰতিখন পৌৰসভা আৰু পঞ্চায়ত এলেকাত পৃথকীকৰণ ব্যৱস্থা বাধ্যতামূলক কৰি প্লাষ্টিক আৱৰ্জনাসমূহ পৃথকভাৱে সংগ্ৰহ আৰু পুনঃপ্ৰস্তুতকৰণৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব। দ্বিতীয়তে, অসমৰ পৰম্পৰাগত পৰিবেশ-বান্ধৱ (eco friendly) সামগ্ৰী যেনে বাঁহ, মৰাপাট, কাগজ আৰু কাপোৰ ব্যৱহাৰক উৎসাহিত কৰি স্থানীয় উদ্যোগ গঢ়ি তুলিব পাৰি, যিয়ে একেলগে পৰিবেশ সংৰক্ষণ আৰু কৰ্মসংস্থাপন সৃষ্টি কৰিব। ইয়াৰ উপৰিও বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত প্লাষ্টিক প্ৰদূষণৰ বৈজ্ঞানিক আৰু সামাজিক দিশ অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক আৰম্ভণিৰ পৰা সচেতন কৰা অতি প্ৰয়োজন। নামঘৰ, মছজিদ, মন্দিৰ আৰু সামাজিক সংগঠনসমূহক লগত লৈ সচেতনতা অভিযান চলালে গ্ৰাম্য সমাজত এই বাৰ্তা অধিক গভীৰভাৱে প্ৰৱেশ কৰিব। আইন প্ৰয়োগৰ ক্ষেত্ৰতো শিথিলতা এৰাই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এই সংকট নিয়ন্ত্ৰণ কৰা সম্ভৱ নহ’ব।
প্লাষ্টিক প্ৰদূষণ তথ্য, সংখ্যা আৰু বাস্তৱ ঘটনাৰে প্ৰমাণিত এক ভয়াবহ সত্য। বিশ্বৰ জনবহুল চহৰৰ পৰা আৰম্ভ কৰি আমাৰ গাঁওখনলৈ ইয়াৰ প্ৰভাৱ স্পষ্ট। আজিয়ে যদি আমি সঠিক সিদ্ধান্ত, ইয়াৰ দায়িত্বশীল ব্যৱহাৰ আৰু সুদূৰপ্ৰসাৰী ব্যৱস্থাপনা গ্ৰহণ নকৰোঁ, তেন্তে আগন্তুক প্ৰজন্মই এক বিষাক্ত আৰু বিপদজনক পৃথিৱী উত্তৰাধিকাৰ হিচাপে লাভ কৰিব। সেয়ে প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ কেৱল পৰিবেশ ৰক্ষা নহয়, ই অসমৰ আৰু মানৱ সভ্যতাৰ অস্তিত্ব ৰক্ষাৰ এক অনিবাৰ্য সংগ্ৰাম।
প্ৰকাশ দত্ত
দেৰগাওঁ, মিছামৰা,গোলাঘাট, অসম
0 件のコメント
この投稿にコメントしよう!
この投稿にはまだコメントがありません。
ぜひあなたの声を聞かせてください。
